Ambubachi 2023 : অম্বুবাচীলৈ আহিছে ১২৬ বছৰীয়া পদ্মশ্ৰী স্বামী শিৱানন্দ - শক্তিপীঠ কামাখ্যাত সমাগম হৈছে অগণন সাধু সন্যাসীৰ
গুৱাহাটী, ২৫ জুন :অম্বুবাচীক কেন্দ্ৰ কৰি শক্তিপীঠ কামাখ্যাত সমাগম হৈছে অগণন সাধু-সন্যাসীৰ । প্ৰচলিত বিশ্বাস অনুসৰি এই সময়চোৱা তান্ত্ৰিক সাধনাৰ বাবে উত্তম সময় । যাৰবাবে এই সময়খিনি সাধু-সন্যাসীৰ বাবে উত্তম বুলি গণ্য কৰা হয় ।
এইবাৰ অম্বুবাচীত কাশীৰ পৰা আহিছে এগৰাকী ১২৬ বছৰীয়া বাবা । নাম পদ্মশ্ৰী স্বামী শিৱানন্দ । যোগ সাধনাৰ বিশেষ অৱদানৰ বাবেই তেওঁ ইতিমধ্যে লাভ কৰিছে পদ্মশ্ৰী বঁটা । ১২৬ বয়সতো নিৰোগী হৈ আছে পদ্মশ্ৰী স্বামী শিৱানন্দ বাবা ৷
প্ৰতিদিনে পুৱা ৩ বজাতে শোৱাপাটি এৰি প্ৰায় এক ঘন্টা প্ৰাতঃভ্ৰমণ কৰে ৷ তাৰ পিচতে একঘন্টা সময় যোগ সাধনা কৰে পদ্মশ্ৰী স্বামী শিৱানন্দ বাবাই ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাবাৰ শিষ্য শৰ্মিলা সিনহাই কয় যে বাবাই বহু বছৰ ধৰি গ্ৰহণ কৰা নাই গাখীৰ, ফল-মূল, তেল-মচলাৰ লগতে নিমখ ৷ কেৱল সিদ্ধ তথা বইল আহাৰ গ্ৰহণ কৰে বাবাই ৷
স্বামী শিৱানন্দ বাবাৰ শিষ্যগৰাকীয়ে উল্লেখ কৰা অনুসৰি, নিঃস্বাৰ্থভাৱে তেওঁ সকলোৰে সেৱা কৰি আহিছে ৷ আজিলৈকে কোনো লোক তথা সংগঠনৰ পৰা বাবাই গ্ৰহণ কৰা নাই বৰঙণি তথা ড’নেচন ৷ দিনত দুবাৰ আহাৰ গ্ৰহণ কৰা বাবাই উঠি অহা নৱপ্ৰজন্মক নিৰোগী হৈ থাকিবলৈ হ’লে ফাষ্টফুড ত্যাগ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক :Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত