অসম

assam

ৰহস্যজনক আত্মহত্যাক লৈ চাঞ্চল্য

By

Published : Jul 14, 2023, 10:18 AM IST

ETV Bharat / videos

Suicide case in Nalbari: নলবাৰীৰ চৰিয়াত কিশোৰীৰ ৰহস্যজনক আত্মহত্যা

নলবাৰী, 14 জুলাই:নলবাৰীৰ চৰিয়াত এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ বৃহস্পতিবাৰে ছাগলী বন্ধা ঘৰত চিপ লগাই আত্মহত্যাৰ চেষ্টা কৰে কিশোৰী গৰাকীয়ে ৷ মাতৃয়ে লগে লগে প্ৰত্যক্ষ কৰাত চিকিৎসালয়লৈ নিয়া হয় যদিও কিশোৰী গৰাকীৰ মৃত্যু হয় বুলি সদৰী কৰে আত্মীয়ই ৷  

ইফালে 12 বছৰীয়া কিশোৰী গৰাকীয়ে ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰে ৷ ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী, আদাবাৰী পহৰা আৰক্ষী চকীৰ লগতে নলবাৰীৰ দণ্ডাধীশ উপস্থিত হয় ৷ দণ্ডাধীশৰ উপস্থিতিত নিশা কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক:Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ

ABOUT THE AUTHOR

...view details