Assam Bandh: 12 ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ, ঠায়ে ঠায়ে জ্বলিছে টায়াৰ - ছয় জনগোষ্ঠী ঐক্য মঞ্চ
ৰাজ্যত দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীক জনজাতিকণৰ প্ৰসংগক লৈ তুমূল বিতৰ্ক অব্যাহত থাকোতেই মঙলবাৰে ৰাজ্যজুৰি 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই (Demanding scheduling of six communities)৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে বন্ধক বেআইনী বুলি এক নিৰ্দেশনা জাৰি কৰাৰ পিছতো উজনি অসমত এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে (12 hour Assam bandh)৷ সম্প্ৰতি উজনি অসমৰ বহুকেইখন ঠাইত বন্ধৰ বাবে জনজীৱন ব্যাহত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আমগুৰিত টাই আহোম যুৱ পৰিষদে মঙলবাৰে পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমগুৰি নগৰৰ লগতে বৰবাম চাৰিআলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিয়ে (12 hour Assam bandh at Amguri)৷ ৷ এই বন্ধৰ ফলত যান-বাহনৰ যাতায়াত বন্ধ হোৱাৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিছে অঞ্চলটোত ৷ ইফালে আৰক্ষী প্ৰশাসনে এই প্ৰতিবাদী কাৰ্যসূচীসমূহক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST