অসম

assam

ETV Bharat / videos

Child Labour Rescue: নাজিৰাৰ শিমলুগুৰিত শিশু শ্ৰমিকৰ বিৰুদ্ধে আভিযান - শিৱসাগৰ জিলা শিশু শ্ৰমিক তাক্স

🎬 Watch Now: Feature Video

নাজিৰাৰ শিমলুগুৰিত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান

By

Published : Jun 19, 2023, 8:21 PM IST

আমগুৰি, 19 জুন: শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাইছে নাজিৰাৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে ৷ সোমবাৰে শিৱসাগৰ জিলা শিশু শ্ৰমিক টাস্ক ফ'ৰ্চ সমিতিয়ে নাজিৰাৰ শিমলুগুৰি বিভিন্ন অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰৰ অভিযানত চলায় ৷ জিলা শিশু সুৰক্ষা বিষয়া ড৹ বিকাশ ৰঞ্জন কোঁৱৰ, শিশু কল্যাণ সমিতিৰ অধ্যক্ষা মনালিচা শৰ্মা, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ শ্ৰম পৰিদৰ্শক আৰ্চাদ আহমেদ, শিমলুগুৰি আৰক্ষী থানাৰ শিশু কল্যাণ আৰক্ষী বিষয়া নৱজ্যোতি বৰদলৈ, নাজিৰা শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিপুল গগৈৰ নেতৃত্বত অভিযান চলোৱা হয় ৷ 

অভিযানৰ সময়ত শিমলুগুৰি অঞ্চলৰ পিংকু মহন ব্ৰইলাৰ ফ্ৰামৰ পৰা ২জন,শিমলুগুৰি ৰাজস্থান হোটেলৰ পৰা ৩জন,বালিঘাট পাৰিজাত হোটেলৰ পৰা ৬ জন,বালিঘাট কাৰ ৱাচিংৰ পৰা 1 জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰা হয় ৷ ইফালে শিশু শ্ৰমিক নিয়োগ কৰা মালিকপক্ষৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ অভিযানৰ সময়ত 12 জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰি শিৱসাগৰত অৱস্থিত আহানা শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ 

ABOUT THE AUTHOR

...view details