অসম

assam

টিংখাঙত খাদ্যত বিষক্ৰিয়া হৈ ১১ গৰাকী চিকিৎসাধীন

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:06 PM IST

ETV Bharat / videos

টিংখাঙত খাদ্যত বিষক্ৰিয়া হৈ ১১ গৰাকী চিকিৎসাধীন

টিংখাং,২২ নৱেম্বৰ :টিংখাঙৰ দিৰৈ ন-পাম ৫৭ নং গ্ৰান্ট গাঁৱত নিশা অঘটন । খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন অঞ্চলটোৰ একেটা পৰিয়ালৰ ১১ জন লোক । জানিবপৰা অনুসৰি আক্রান্তসকলৰ ভিতৰত আছে এগৰাকী গৰ্ভৱতী মহিলা আৰু এটি শিশু । মঙলবাৰে আবেলি গাঁওখনৰ এঘৰৰ সকামত ভোজ-ভাত খোৱাৰ পিছতে পেটৰ বিষ, বমি আৰু মূৰৰ বিষত আক্রান্ত হৈছে লোকসকল ।  

আক্রান্তসকলক নিশা ৰাজগড় সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে চাৰিজনক অৱস্থা জটিল হোৱাত নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৰাজগড় সামূহিক চিকিৎসালয়ৰ চিকিৎসকে । ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । এই সন্দৰ্ভত এক উচিত তদন্তৰ দাবী কৰিছে ভূক্তভোগী পৰিয়ালকেইটাই ।

লগতে পঢ়ক :সৰুক্ষেত্ৰীত মেলা চাই ঘৰলৈ উভতি অহাৰ পথত কিশোৰীক এচিডেৰে আক্ৰমণ যুৱকৰ

ABOUT THE AUTHOR

...view details