অসম

assam

অপেক্ষা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱালৈ

By ANI

Published : Jan 16, 2024, 9:05 PM IST

ETV Bharat / videos

ভক্তিৰ সাগৰলৈ ৰূপান্তৰিত হৈছে অযোধ্যা, জ্বলিছে 108 ফুট দীঘল ধূপ

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : অপেক্ষা 22 জানুৱাৰীলৈ ৷ বহু জল্পনা-কল্পনা, বাদ-বিবাদ তল পেলাই অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ তাৰ পূৰ্বেই দেখা গৈছে অযোধ্যাত আবতৰীয়া দেৱালী ৷ মঙলবাৰে অযোধ্যাত প্ৰজ্বলন কৰা হয় গুজৰাটত নিৰ্মাণ কৰি অনা 108 ফুট দৈৰ্ঘৰ এডাল বিশেষ ধূপ ৷ অযোধ্যাবাসীয়ে শ-শ চাকি জ্বলাই আলোকিত কৰি তুলিছে বাট-পথ সকলো ৷ সকলোৱে আকুলতাৰে বাট চাইছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱালৈ ৷

উল্লেখ্য যে, 1992 চনৰ 6 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা বাবৰি মছজিদ ধ্বংস কৰাৰ পাচৰ পৰাই দীৰ্ঘ সময় ধৰি চলি আছিল আইনী যুদ্ধ ৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৰাম মন্দিৰ আৰু বাবৰি মছজিদ বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰা হয় ৷ 2019 চনৰ 9 নৱেম্বৰত তদানীন্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে ৰাম মন্দিৰৰ সপক্ষে ৰায় প্ৰদান কৰে ৷ ৰায়দানৰ প্ৰায় চাৰি বছৰৰ অন্তত বিজেপি চৰকাৰ সাজু হৈছে ৰাম মন্দিৰক প্ৰাণ দিবলৈ ৷ 

সমগ্ৰ দেশতে 22 জানুৱাৰীৰ দিনটো দিপাৱলীৰ দৰে উদযাপন কৰিবলৈ আহ্বান জনাইছে গেৰুৱা দলটোৱে ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অৱশ্যে স্বচক্ষে দেখা নাপাব সাধাৰণ লোকে ৷ কিয়নো দেশৰ বছা-বছা ভিআইপি আৰু ভিভিআইপি লোকক লগত লৈহে ৰাম মন্দিৰ উদ্বোধন কৰিবলৈ যো-জা চলাইছে বিজেপি চৰকাৰে ৷ গেৰুৱা দলটোৱে দাবী কৰিছে যে, সমগ্ৰ বিশ্ব এই অভিষেক অনুষ্ঠানৰ সাক্ষী হ’বলৈ উৎকণ্ঠাৰে ৰৈ আছে ৷ কিন্তু ভাৰতৰে চাৰিগৰাকী শংকৰাচাৰ্যই প্ৰত্যক্ষভাৱে বিৰোধিতা কৰিছে এই অনুষ্ঠানৰ ৷ 

তেওঁলোকৰ মতে, ধৰ্মীয় ৰীতি-নীতিৰ বিৰুদ্ধে গৈ বিজেপিয়ে এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব খুজিছে ৷ দেশৰ বিৰোধী দল কংগ্ৰেছৰ লগতে আন কেবাটাও ৰাজনৈতিক দলেও বিজেপিক সমালোচনা কৰা দেখা গৈছে ৷ অভিষেক অনুষ্ঠানলৈ কংগ্ৰেছৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও পোনচাটেই তেওঁলোকে এই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা নিৰ্বাচনী ইছ্যু বুলি বহুতে ক’ব খোজে যদিও দেশৰ সৰহভাগ জনতাই এতিয়া 22 জানুৱাৰীলৈ বাট চাই আছে ৷

লগতে পঢ়ক :কাশ্মীৰৰ মুছলমান যুৱতীৰ কণ্ঠত ৰাম ভজন

ABOUT THE AUTHOR

...view details