Battery Theif Arrested: তিনিচুকীয়াত 10 টা বেটেৰীসহ দুই চোৰক আটক - ১০ টা চুৰি কৰা বেটেৰী জব্দ
তিনিচুকীয়াত সঘনাই বৃদ্ধি বেটেৰী চুৰিৰ ঘটনা (Battery theft in Tinsukia) ৷ বুধবাৰে তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া মিনি ট্ৰাক ষ্টেণ্ডত বেটেৰি চুৰি কৰি থকাৰ সময়তে হাতে-লোটে দুটা বেটাৰী চোৰক ধৰা পেলায় (Battery Thief Arrested in Tinsukia) ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজন ট্ৰাক চালকে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই দুয়োটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত বেটেৰী চোৰ দুটা তিনিচুকীয়াৰ অমৃত মাহাতো আৰু নুৰ আমীন বুলি চিনাক্ত কৰা হৈছে ৷
আৰক্ষীৰ জেৰাত ধৃত চোৰ দুটাই স্বীকাৰোক্তি প্ৰদান কৰি কয় যে দীৰ্ঘদিন ধৰি চোৰ দুটাই বাহনৰ পৰা বেটেৰী চুৰি কাৰ্য কৰি আহিছে ৷ এই চুৰি কৰা বেটেৰীসমূহ ক্ৰয় কৰে সুশীল আগৰৱালা নামৰ এজন লোকে ৷
ইয়াৰ পিছতে আৰক্ষীয়ে ধৃত দুই চোৰৰ ভাষ্যৰ ভিত্তিত মাকুম পথৰ সুশীল আগৰৱালা নামৰ এজন লোকৰ ডেম্পত আৰক্ষীয়ে অভিযান চলাই ১০ টা চুৰি কৰা বেটেৰী জব্দ কৰিবলৈ সক্ষম হয় (10 battery along with 10 theives arrested ) ৷ ইয়াৰে তিনিটা বেটেৰী ইতিমধ্যে গৰাকীয়ে চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৷ ইফালে ডেম্পৰ গৰাকী সুশীল আগৰৱাল নামৰ লোকজন বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷
সম্প্ৰতি আৰক্ষীয়ে সোধাপোছাৰ কাৰণে ডেম্পৰ দুজন কৰ্মচাৰীক আটক কৰি থানালৈ লৈ আহে ৷ বেটেৰী এটা ক্ৰয় কৰাৰ সময়ত নথিপত্ৰ পৰীক্ষা কৰাটো ক্ৰয় কৰা ডেম্পৰ লোকৰ দায়িত্ব হ’ব লাগে বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয় ৷
ইফালে এজাহাৰ দাখিল কৰা ট্ৰাকৰ চালকগৰাকীয়ে এই সন্দৰ্ভত জানিব দিয়া অনুসৰি তিনিচুকীয়াৰ ট্ৰাক ষ্টেণ্ডৰ লগতে বিভিন্ন স্থানত ৰখাই থোৱা ট্ৰাকৰ পৰা সঘনাই বেটেৰী চুৰি হৈ আহিছে ৷ ইতিমধ্যে ২৫ ৰ পৰা ৩০ টা পৰ্যন্ত বেটেৰী চুৰি হৈছে ৷ উপায় নাপায় ট্ৰাকচালকজনে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিব লগা হ’ল বুলি মন্তব্য প্ৰকাশ কৰে ৷ চোৰ কেইটাক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে ক্ষুব্ধ ট্ৰাক চালকজনে ৷
লগতে পঢ়ক: Recovered weapons in Sonitpur: শোণিতপুৰত অস্ত্ৰসহ আটক তিনি চোৰাং চিকাৰী