অসম

assam

প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময়ৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে সাজু অসমৰ শিক্ষাৰ্থীও

By

Published : Mar 31, 2022, 7:19 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

দেশৰ শিক্ষাৰ্থী সকলৰ পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'পৰীক্ষা পে চৰ্চা' (Pariksha pe charcha) শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে শুকুৰবাৰে দিনৰ এঘাৰ বজাত শিক্ষাৰ্থী সকলৰ সৈতে কৰিব মত বিনিময় (Modi to interact with students) । দেশৰ কেইবা লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়েও এই অনুষ্ঠানত ভাগ ল'বৰ বাবে সাজু হৈছে । এই অনুষ্ঠানত দিল্লীৰ তালকটোৰা ইনডোৰ ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত কৰিব মত বিনিময় । দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানটি বিভিন্ন মাধ্যমৰ মাজেদি পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি উপভোগ কৰিব পাৰিব বুলি জানিব দিয়ে জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষই ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details