Misinterpretation of Ahom history: অসম বুৰঞ্জী নতুনকৈ ৰচিলে ৰামেশ্বৰ তেলীয়ে - Misinterpretation of Ahom history
চাওল্যুং চ্যুকাফাৰ প্ৰথম ৰাজধানী আছিল টিপামত (Capital of Ahom kingdom) ৷ এই ভাষ্য ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ অসমৰ ইতিহাস সম্পৰ্কত নিজৰ অজ্ঞতা ৰাজহুৱাকৈ প্ৰকাশ কৰিলে মন্ত্ৰীজনে ৷ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত উজনি অসম ঝেৰীয়া তেলী (চাহু) সমাজৰ ২৫ তম্ কেন্দ্ৰীয় অধিবেশনৰ অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Central Minister Rameswar Teli at Moran)। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে অসমৰ গাঁও, চহৰৰ নাম সলনি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন কৰিবলৈ গৈ এনেদৰে উদ্ভত মন্তব্য কৰে ৷ শেহতীয়াকৈ অসমত আহোমসকলৰ গৌৰৱোজ্জ্বল ছশ বছৰীয়া ৰাজত্বকালৰ প্ৰথম ৰাজধানী, দ্বিতীয় ৰাজধানীক লৈ বিতৰ্কৰ সৃষ্টি হৈ থকাৰ সময়তে ৰামেশ্বৰ তেলীয়ে ইতিহাস বিকৃত কৰি কৰা এনে মন্তব্যই স্বাভাৱিকতে আচৰিত কৰিছে সকলোকে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST