অসম

assam

By

Published : Feb 20, 2022, 6:29 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

Municipal elections 2022: এইবাৰ নিৰ্বাচনী প্ৰচাৰ যুদ্ধত নামিল মন্ত্ৰী বিমল বৰা

ডিব্ৰুগড় পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত নামিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা (Minister Bimal Bora campaigned for Dibrugarh municipal elections 2022) ৷ চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৱাৰ্ডত শনিবাৰে নিশা বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে । পৌৰসভাৰ অন্তৰ্গত ১৬ নম্বৰ ৱাৰ্ডত মামুন মিত্ৰ গগৈৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী বিমল বৰাই কয় যে, ‘‘কেন্দ্ৰত আৰু ৰাজ্যত যিহেতু বিজেপিৰ চৰকাৰ, গতিকে অসমৰ এইবাৰ সকলো পৌৰসভাৰ আসন বিজেপিয়েই দখল কৰিব । বিজেপিয়ে দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ বাবে কাম কৰিছে । ৰাজ্যখনৰ উন্নয়নৰ গতিশীলতাৰ ধাৰা শক্তিশালী কৰি তুলিছে । গতিকে বিজেপিৰ বিপক্ষে জনসাধাৰণৰ ৰায় কোনো দলেই গ্ৰহণ কৰিব নোৱাৰিব’’ । ডিব্ৰুগড়ৰ ১৬ নম্বৰ ৱাৰ্ডৰ বিপৰীতে মন্ত্ৰীগৰাকীয়ে শনিবাৰে শান্তিপাৰাৰ এক জনসভাতো নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনকে ধৰি নিকায়-নিগমৰ কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details