অসম

assam

By

Published : Mar 28, 2022, 4:27 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / videos

মাণিকপুৰত কেঁকো সাপসহ সাতজনক আটক

আৰক্ষী আৰু বন বিভাগৰ ব্যাপক তৎপৰতাৰ পাছতো দুষ্ট চক্ৰই বিভিন্ন পন্থাৰে দুষ্প্ৰাপ্য প্ৰাণীৰ সৰবৰাহৰ কৰি এক বৃহৎ ব্যৱসায় চলাই আহিছে । শেহতীয়াকৈ মাণিকপুৰ আৰক্ষী থানা (Manikpur Police Station) ৰ অন্তৰ্গত গেৰুকাবাৰীত মাণিকপুৰ আৰু গেৰুকাবাৰী আৰক্ষীয়ে অভিযান চলাই কেঁকোসাপ ব্যৱসায় (Illegal trade of gecko snake) ৰ লগত জড়িত 7 জন লোকক আটক কৰে (Many people arrested in Manikpur with gecko snake) ৷ আটকাধীন লোককেইজন ক্ৰমে, মামন গয়াৰী, ৰমজান আলী, শ্যাম পৰিয়াৰ, চন্দন বড়ো, ছোৰহাব আলী, ৰহম আলী আৰু তালেব আলী বুলি জানিব পৰা গৈছে । ধৃত লোক কেইজনৰ পৰা এডাল কেঁকোসাপ উদ্ধাৰ কৰাৰ (Police seized Keko snakes) লগতে দুখন মটৰ চাইকেলসহ 7 টা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰে । জব্দ হোৱা কেঁকো সাপডাল মিজোৰামৰ পৰা আনি গেৰুকাবাৰীত বিক্ৰীৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details