অসম

assam

ETV Bharat / videos

Tiger Trapped in Dibrugarh: ডিব্ৰুগড়ৰ টেঙাখাটত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী - টেঙাখাটত নাহৰফুটুকী

By

Published : Feb 25, 2022, 10:55 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত পাণধোৱা গাঁৱৰ উজনিচুকৰ বিমলা প্ৰসাদ গগৈৰ বাৰীত এটা নাহৰফুটুকী বাঘ ৰাইজৰ সহযোগত বনবিভাগে পিঞ্জৰাবদ্ধ কৰে (Leopard trapped in Dibrugarh)। জানিব পৰা মতে কিছু দিনৰ পৰা টেঙাখাটৰ বিভিন্ন অঞ্চল ক্ৰমে নকাৰি, পাণধোৱা ,শেনচোৱা,বায়নচুক মাটিয়েখানা টিংৰাইবৰহোলা আদি গাওঁ সমূহত নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল ৷ উপায়বিহীন হৈ গাঁৱৰ ৰাইজে টেঙাখাট আৰক্ষীৰ লগতে বন বিভাগৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে ৷ ইয়াৰ পাছতে বন বিভাগে ৰাইজৰ সহযোগত শুকুৰবাৰে পুৱতি নিশা নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details