অসম

assam

ETV Bharat / videos

টিংখাঙত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী - টিংখাঙত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

🎬 Watch Now: Feature Video

By

Published : Mar 22, 2022, 7:50 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

বাঘক কেন্দ্ৰ কৰি টিংখাঙত মঙলবাৰে লাগিল হুৱা-দুৱা । বাঘ চাবলৈ মানুহৰ ভিৰ । কাৰণ টিংখাঙত পুনৰ উদ্ধাৰ হৈছে নাহৰফুটুকী । টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত মঙলবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী (Leopard trapped at Tingkhong)। উল্লেখ্য যে, টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । বাঘে দীৰ্ঘদিনে অঞ্চলটোত মুক্ত বিচৰণ কৰি অহাৰ লগতে বহুতো পশুধন ভক্ষণ কৰি আহিছিল । তেনে অৱস্থাত কেন্দুগুৰি চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে এদিন পূৰ্বে বাগিচাখনত এটা পিঞ্জৰা স্থাপন কৰাৰ পিছত সোমবাৰে পুৱতিনিশা এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details