Leopard killed in Digboi: ডিগবৈৰ নাজিৰাটিঙত পুনৰ নাহৰফুটুকী হত্যা - leopard killed again in Digboi
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্য জীৱ-জন্তু ওলাই অহা নতুন কথা নহয় । কেতিয়াবা যদি বন্যহস্তী, আন কেতিয়াবা বনৰজা । বহুস্থানত ভিন্ন সময়ত বনৰজাই ত্ৰাসৰ সৃষ্টি কৰাৰ খবৰে লাভ কৰে সংবাদ শিৰোনাম । এইবাৰ ডিগবৈত জীৱশ্ৰেষ্ঠৰ হাতত ধৰাশায়ী বনৰজা(Leopard slaughter) । ডিগবৈ নাজিৰাটিঙত হত্যা প্ৰকাণ্ড নাহৰফুটুকী (Leopard killed in Digboi) । হত্যা কৰি দুস্কৃতিকাৰীয়ে কাটি নিলে নাহৰফুটুকীৰ মুৰ । নাজিৰাটিঙ চাহবাগিছাত উদ্ধাৰ মুণ্ডহীন নাহৰফুটুকীটো । উল্লেখ্য যে, দুদিন পূৰ্বে নাজিৰাটিঙৰ সমীপৰ শ্ৰীকৃষ্ণ চাহবাগিছাৰ নলাত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল দুটাকৈ নাহৰফুটুকীৰ মৃতদেহ । ইফালে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত নাজিৰাটিঙ বনাঞ্চলত অবাধ হাৰত বন ধ্বংস হোৱাৰ ফলতেই খাদ্যৰ সন্ধানত প্ৰায়েই বন্যপ্ৰাণীবোৰ এনেদৰে ওলাই আহে বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে । বন্যপ্ৰাণীৰ প্ৰতি জনতাক অনুকম্পা প্ৰকাশ কৰিবলৈ আহ্বান জনাই বনকৰ্মীসকলে ।
Last Updated : Feb 3, 2023, 8:19 PM IST