অসম

assam

ETV Bharat / videos

কলগাছিয়াৰ দিগজানিত বৃহৎ পৰিমাণৰ কাঠ জব্দ - কলগাছিয়াৰ দিগজানিত বৃহৎ পৰিমাণৰ কাঠ জব্দ

By

Published : Mar 18, 2022, 10:23 AM IST

Updated : Feb 3, 2023, 8:20 PM IST

কলগাছিয়াৰ দিগজানিত বৃহৎ পৰিমাণৰ কাঠ জব্দ (Timber seized in Kalgachia)। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাঁৱত বৃহস্পতিবাৰে কলগাছিয়া আৰক্ষী আৰু বালিকুৰি আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ কাঠৰ বাটাম জব্দ কৰে (Police operation against timber) । পিছ মূহুৰ্তত আৰক্ষীয়ে বন বিভাগক খবৰ দিয়াত বন বিভাগে আহি উপস্থিত হয় । কাঠখিনিৰ গৰাকীয়ে ইতিমধ্যে কাঠৰ চালান দেখুৱাইছে যদিও বন বিভাগে তদন্ত অব্যাহত ৰাখিছে । লগতে সঠিক চালান দেখুৱাব পাৰিলে গৰাকীয়ে কাঠখিনি উভতাই পাব বুলি বন বিভাগে মন্তব্য কৰে । কাঠখিনি বন বিভাগে বৰপেটাৰোড বন উপ সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায় বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details