চুলুং হত্যাকাণ্ডৰ নতুন মোৰ: দুধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেক পৰিল আৰক্ষীৰ জালত - চুলুং হত্যাকাণ্ডৰ অভিযুক্ত আৰক্ষীৰ জালত
কলিয়াবৰৰ চুলুং আৰক্ষীৰ বৃহৎ সফলতা । দুধৰ্ষ ড্ৰাগছ মাফিয়া আব্দুল মালেকক গ্ৰেপ্তাৰ (Kaliabar police arrests wanted drug mafia Abdul Malek)। আমবাগানৰ চাৰি নম্বৰ ভূৰবন্ধাৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়াজন । তেজপুৰৰ দিগন্ত দাস নামৰ যুৱকজনৰ হত্যাতো জড়িত থকাৰ অভিযোগ আছে আব্দুল মালেকৰ ওপৰত (Murder allegation against drug mafia Abdul Malek) । ড্ৰাগছক লৈ সংঘাতৰ ফলতে হত্যা কৰা হৈছিল দিগন্তক । অভিযোগ অনুসৰি ২৫ ডিচেম্বৰত নিশা হত্যা আব্দুল মালেকৰ ঘৰত এখন কুঠাৰেৰে হত্যা কৰা হৈছিল দিগন্তক ৷ ইয়াৰ পিছত কলিয়াবৰৰ চুলুঙৰ নিৰ্মিয়মাণ চাৰিলেনমুক্ত পথৰ কাষত উদ্ধাৰ হৈছিল দিগন্তৰ মৃতদেহ । ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেইবাটাও ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰাৰ বাবে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু চুলুং আৰক্ষী চকীৰ বিষয়া মৃদুল দেবনাথক সম্বৰ্ধনা জ্ঞাপন কলিয়াবৰ জিলা আমছুৰ ।
Last Updated : Feb 3, 2023, 8:11 PM IST