অসম

assam

ETV Bharat / videos

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Sep 11, 2020, 1:25 PM IST

সমগ্ৰ বিশ্বতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় 2,83,16,556 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বিশ্বত 9,13,284 গৰাকীলৈ অতিক্ৰম কৰিলে ৷ অৱশ্যে শুকুৰবাৰলৈ পোৱা তথ্য অনুসৰি, সমগ্ৰ বিশ্বতে 2,03,30,725 গৰাকীতকৈয়ো অধিক লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷ কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক প্ৰভাৱ পেলাইছে আমেৰিকাত ৷ দেশখনত এই পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা 65,88,163 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,96,328 গৰাকী লোকলৈ ৷ আনহাতে আক্ৰান্তৰ ক্ষেত্ৰত সম্প্ৰতি ভাৰত আছে দ্বিতীয় স্থানত ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 45,59,725 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ আনহাতে দেশখনত মৃতকৰ সংখ্যা শুকুৰবাৰলৈ বৃদ্ধি পালে 76,304 গৰাকীলৈ ৷

ABOUT THE AUTHOR

...view details