অসম

assam

By

Published : Feb 21, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

ত্ৰিপুৰাত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস ৷ সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাৰ আগৰতলাতো ত্ৰিপুৰা চৰকাৰ আৰু বাংলাদেশ সহকাৰী উচ্চ আয়োগৰ যুটীয়া উদ্যোগত দেওবাৰে ৰবীন্দ্ৰ শতাবৰশিকি ভৱন (Rabindra Satabarshiki Bhavan) ৰ চৌহদত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় (International Mother Language Day observed in Agartala) ৷ এনে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথ, ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ অধ্যক্ষ সন্তোষ সাহা, আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰিফ মহম্মদ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক নৃপেন্দ্ৰ চন্দ্ৰ শৰ্মা, বিদ্যালয় শিক্ষা বিভাগৰ সঞ্চালক চান্দনী চন্দ্ৰন আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে ৷ এই অনুষ্ঠানত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে এক শোভাযাত্ৰা কাৰ্যসূচীও ৰূপায়ণ কৰা হয় ৷ অনুষ্ঠানটোত উপস্থিত থাকি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে , ‘‘21 ফেব্ৰুৱাৰীক ইউনেস্কোৱে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে স্বীকৃতি দিয়াৰে পৰা সমগ্ৰ বিশ্বৰ লগতে ত্ৰিপুৰাতো আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হৈছে । পৃথিৱীত প্ৰায় 6000 টা ভাষা আছে ৷ কিন্তু কিছুমান ভাষা লাহে লাহে সময়ৰ বুকুত হেৰাই গৈছে ৷ যাৰ ফলত এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনা বিভিন্ন ভাষা তথা আনৰ ভাষাক সন্মান জনোৱাৰ বাবে কেৱল বাঙালীয়েই নহয়, সান্তাল, ৰিয়াং, ত্ৰিপুৰী আৰু মণিপুৰী সম্প্ৰদায়ৰ অগণন লোকেও এই শোভাযাত্ৰাত যোগদান কৰিছে," বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । লগতে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰিফ মহম্মদে (Arif Mohammad, Assistant High Commissioner of Bangladesh in Agartala) এই অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত কয় যে, "এই বিশাল শোভাযাত্ৰাৰ বাৰ্তা দেশৰ সীমাৰ বাহিৰত থকা আন আন দেশলৈও বিয়পি পৰিব। মাতৃভাষা মাতৃদুগ্ধৰ সমান আৰু সেয়েহে সকলো ভাষাক সমান মৰ্যাদা আৰু সন্মান দিয়া উচিত। " ইয়াৰোপৰি আৰিফ মহম্মদে এই অনুষ্ঠানৰ জৰিয়তে বাংলাদেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ হৈ ত্ৰিপুৰা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details