অসম

assam

By

Published : Mar 19, 2022, 12:56 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / videos

বৰপেটা সত্ৰত আজি দৌল মহোৎসৱৰ সুঁৱেৰী

বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চাৰিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱ (Deul Mahotshav at Barpeta Satra) আজি অৰ্থাৎ শনিবাৰে সামৰণি পৰিব ৷ দৌল মহোৎসৱৰ অন্তিমদিনা বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ আবিৰৰ ৰঙত ইতিমধ্যে একাকাৰ হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ আকাশ-বতাহ মুখৰিত কৰিছে মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰে ৷ বৰপেটাৰ প্ৰাণৰ-মনৰ-ৰঙৰ উৎসৱৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰা প্ৰতিজনৰ কণ্ঠৰ পৰা নিগৰিছে হোলী গীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details