দৌলোৎসৱ উপলক্ষে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰত আনন্দময় পৰিবেশ
সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো পালন দৌলোৎসৱ(Holi in Assam) ৷ টীয়ক চহৰৰ মাজ মজিয়াৰ ৰাধাকৃষ্ণ মন্দিৰত পালন কৰা হয় দৌল উৎসৱ । বিগত 50 বছৰ ধৰি টীয়কবাসীয়ে পৰম্পৰাগতভাৱে পালন কৰি আহিছে দৌলোৎসৱ(Holi celebration at Teok) । উল্লেখ্য যে, ক'ভিড অতিমাৰীৰ বাবে বিগত দুবছৰ ধৰি ফাকুৱাৰ আনন্দৰ উল্লাসৰ পৰা বিৰত আছিল টীয়কবাসী, সেয়ে দুবছৰৰ পিছত দৌলোৎসৱ পালন কৰিব পাই আনন্দত মতলীয়া হৈ পৰে সকলো ৷ এই আনন্দময় পৰিৱেশৰ মাজৰ পৰা সকলোৱে ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধৰ অৱসান ঘটাৰ লগতে বিশ্ব শান্তিৰ কামনা কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST