অসম

assam

ETV Bharat / videos

Maha Shivratri at Maha Mrituynjay Mandir: মহা মৃত্যুঞ্জয় মন্দিৰত পূজা আগবঢ়ালে ৰাজ্যপালে

By

Published : Mar 1, 2022, 3:11 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

আজি মহা শিৱৰাত্ৰি ৷ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে আজিৰ এই বিশেষ দিনটো ৷ সমগ্ৰ দেশৰ লগতে বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগনতো অতি উলহ মালহেৰে উদযাপিত কৰা হৈছে মহা শিৱৰাত্ৰি পূজা অৰ্চনা (Maha Shivratri at Maha Mrituynjay Mandir) ৷ বঢ়মপুৰৰ ভেৰভেৰী গোঁসাইগাঁওস্থিত মহা মৃত্যুঞ্জয় মন্দিৰ প্ৰাংগনত আজি প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰে ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী ৷ ৰাজ্যপালগৰাকী মন্দিৰত প্ৰৱেশ কৰি মহাদেৱৰ পূজা অৰ্চনা কৰাত ব্যস্ত হৈ পৰে (Governor Jagdish Mukhi visits Maha Mrityunjay temple in Nagaon)৷ ৰাজ্যপালগৰাকী সৈতে মন্দিৰ প্ৰাংগনত উপস্থিত থাকে বঢ়মপুৰৰ বিধায়ক তথা মহা মৃত্যুঞ্জয় মন্দিৰ সেৱা ট্ৰাষ্টৰ সম্পাদক জিতু গোস্বামী ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details