Gopal Festival: মাঘী পূৰ্ণিমাত আয়োজন গোপাল উৎসৱ
উৎসৱ হয়তো বহু দেখিছে ৷ কিন্তু কলক লৈ পালন কৰা উৎসৱ হয়তু আপুনি দেখা নাই । উত্তৰ গুৱাহাটীৰ ধোপৰ তলত আয়োজন কৰা হৈছে কলৰ উৎসৱ (Banana Utsav celebrate) ৷ চেনিকল, মালভোগ কল আদিৰে ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ এই থানখন । প্ৰকৃততে উত্তৰ গুৱাহাটী ধোপৰ তলৰ এয়া এক ধৰ্মীয় পৰম্পৰা । আজিৰ পৰা প্ৰায় এশ পঞ্চাশ বছৰৰ পূৰ্বৰে পৰা চলি আহিছে এই পৰম্পৰা । বিগত বৰ্ষৰ লেখিয়াকৈ এই বৰ্ষতো অৰ্থাৎ বুধবাৰৰ পৰা ধুপৰ তলত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বাৰ্ষিক গোপাল উৎসৱ (Gopal Festival celebrate at north guwagati) । জন বিশ্বাস অনুসৰি, ধোপৰ তলত ভগৱন্তৰ উদ্দেশ্যে কল আগবঢ়ালে মনোবাঞ্চা পুৰণ হয় ভক্তৰ । এই লোক বিশ্বাসৰ আধাৰতে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত আগবঢ়োৱা হয় কলৰ থোক । দৈনিক হাজাৰৰো অধিক কলৰ থোক আগবঢ়াই ভক্তই আৰু এই কল প্ৰসাদ হিচাপে গ্ৰহণ কৰে ভক্তপ্ৰাণ ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST