অসম

assam

Helpless Women at Teok: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী অসহায় আইতাৰ কাষত যুৱক

By

Published : Nov 28, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

সুন্দৰ পৃথিৱীখন থকালৈকে সুন্দৰ মনৰ মানুহো থাকিব । ২১ শতিকাৰ যান্ত্ৰিকতাৰ যুগটো হেৰাই যোৱা নাই মানৱীয়তা । এইবাৰ টীয়কৰ জাঁজীমুখ ঘাহি গাঁৱৰ এগৰাকী অসহায় ব়দ্ধা মহিলাক সহায়ৰ বাবে আগবাঢ়ি আহিল কেইজনমান যুৱক (Youth construct house for Women in Teok) । ১৫ বছৰ অকলশৰে বাস কৰা টীয়কৰ মাখনী কলিতা নামৰ এগৰাকী আশী উৰ্ধৰ বৃদ্ধাৰ জীৱনৰ কৰুণ গাঁথাই ব্য়াথিত কৰিছে সকলোকে (Women of teok deprived from govt scheme) । ভঙা গৃহতেই তেওঁ জীৱন অতিবাহিত কৰিছে । গোহালি সদৃশ এটি জুপুৰীয়েই শেষ ভৰসা বৃদ্ধাগৰাকীৰ । মাহিলি পাঁচ কেজি চাউলৰ বাদে কোনো চৰকাৰী আঁচনিয়েই তেওঁক ঢুকি পোৱা নাই । এনে এক পৰিস্থিতিৰ মাজতেই সোমবাৰে গাঁৱৰ কেইবাজনো যুৱকে মিলি তেওঁৰ গৃহটোৰ মেৰামতি কৰি দিয়াৰ লগতে বৃদ্ধা আইতাগৰাকীয়ে পাবলগীয়া প্ৰতিখন আঁচনি অনতি পলমে দিয়াৰ ব্য়ৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details