অসম

assam

ETV Bharat / videos

TAYPA conflict: আহোমলেণ্ডৰ দাবীক লৈ টাইপা নেতৃত্বৰ সংঘাত, তৃতীয়টো গোট গঠন - টাইপা

By

Published : Dec 24, 2022, 11:51 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

আহোমলেণ্ডৰ দাবীক লৈ টাই আহোম যুৱ পৰিষদৰ (টাইপা) নেতৃত্বৰ মাজত তীব্ৰতৰ হৈছে সংঘাত (Controversy in TAYPA)। এনে সংঘাতৰ মাজতেই চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰে আয়োজিত এক বৈঠকত একাংশ টাইপা নেতা কৰ্মীয়ে গঠন কৰিলে সংগঠনটোৰ তৃতীয়টো গোট (New unit of TAYPA formed in Charaideo)। দিলীপ গগৈ আৰু বিজয় ৰাজকোঁৱৰৰ নেতৃত্বত বৰ্তমান দুটা গোটে টাই আহোম যুৱ পৰিষদ গঠন কৰি টাই আহোম জনগোষ্ঠীটোক লৈ কেৱল মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে সংগঠন কৰাৰ অভিযোগ উত্থাপন কৰিয়েই নতুন গোটটোৰ জন্ম দিয়া বুলি কয় ক্ষুব্ধ টাইপা নেতা কৰ্মীসকলে (Tai Ahom Yuv Parisad)। ডিব্ৰুগড়ৰ ৰাণা ৰঞ্জন গগৈক সভাপতি, শিৱসাগৰৰ সৌৰভ চাংমাইক কাৰ্যকৰী সভাপতি আৰু সোণাৰিৰ উদীপ্ত গগৈক সাধাৰণ সম্পাদকৰূপে লৈ টাই আহোম যুৱ পৰিষদৰ তৃতীয়টো গোট গঠন কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details