বিজেপিৰ সভাত ‘ভুলতে’ সোমোৱা শ্বেৰমানে আকৌ মুখ খুলিছে - বিজেপিৰ সভাত ‘ভুলতে’ সোমোৱা শ্বেৰমান
আকৌ এবাৰ মুখ খুলিছে বিতৰ্কিত শ্বেৰমান আলী আহমেদ নামৰ নেতাজনে ৷ একমাত্ৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে বিধায়ক হৈ অহা শ্বেৰমান আলীৰ ৰাজনীতিত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ পমুৱা মুছলমানসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহে স্থান পোৱা নাই ৷ তাৰ পৰিৱৰ্তে অসমীয়া তথা ভাৰতীয় সমাজ জীৱন বিষাক্ত কৰি ৰখা উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিক উৎসাহিত কৰিবলৈ উগ্ৰ মুছলমান (মিঞা)ৰ ৰাজনীতি কৰাৰ লগতে শ্বেৰমান আলীয়ে অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ নৱ প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ পথবোৰ ৰুদ্ধ কৰি পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা এ আই ইউ ডি এফৰ শৰণাপন্ন হোৱা শ্বেৰমান আলীৰ বাবে ৰাজনৈতিক নীতি আদৰ্শ বুলি কথা নাই (Sherman Ali on Miya museum controversy)৷ সেইবাবে তেওঁ "ভুলতে" বিজেপি দলৰ কৰ্মীসভাতো সোমাই যাব পাৰে !
Last Updated : Feb 3, 2023, 8:30 PM IST