বাদামৰ হালৱাৰ সহজ ৰেচিপি
কেতিয়াবা কোনো এক সৰু প্ৰয়াসে আমাক প্ৰদান কৰিব পাৰে প্ৰচুৰ লাভ ৷ বাদামৰ হালৱা এনে এক ব্যঞ্জন, যি কেৱল ৰন্ধাৰ ক্ষেত্ৰতে সহজ নহয়, ই স্বাস্থ্যকৰ আৰু সুস্বাদুও ৷ কাঠবাদাম এক অতি পুষ্টিকৰ খাদ্য ৷ ই প্ৰ'টিন, আঁহ, চৰ্বি, মেগনেছিয়াম আদি পোষক তত্বৰে ভৰপূৰ ৷ নিয়মিতভাৱে কাঠ বাদাম খালে আপোনাৰ শৰীৰে বহু ধৰণৰ বেমাৰৰ সৈতে যুঁজিবলৈ শক্তি লাভ কৰে ৷ বিশেষকৈ মধুমেহ ৰোগত আক্ৰান্ত লোকসকলৰ বাবে ই বাৰুকৈয়ে ভাল ৷ ভাৰতত, বিশেষকৈ উত্তৰ প্ৰান্তত কাঠ বাদাম খুবেই জনপ্ৰিয় ৷ সেয়ে কাঠ বাদামেৰে প্ৰস্তুত এই বিশেষ হালৱাক বাদামৰ হালৱা নামেৰে জনা যায় ৷