অসম

assam

ETV Bharat / videos

Crime in Guwahati: মুখা পিন্ধি চোৰে লুটিলে ১২ লাখ টকাৰ চুপাৰি - Crime in Guwahati

By

Published : Nov 17, 2022, 4:11 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড (Theft in Guwahati)। ক্ষেত্ৰী ৰে'লৱে ষ্টেচনৰ সমীপৰ তনয় কুমাৰ দাস নামৰ ব্যৱসায়জনৰ গুদামত বুধবাৰে পুৱতি নিশা এই চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Robbery took place in Khetri area)। পুৱতি নিশা মুখাধাৰী চোৰে গুদামত প্ৰৱেশ কৰি ১২ লাখ টকা মূল্যৰ চুপাৰি চুৰি কৰে । চিচি কেমেৰাৰ সংযোগ বিচিন্ন কৰি বেৰ কাটি চোৰে ৫৪ বেগ চুপাৰি চুৰি কৰি নিয়াৰ লগতে লুটিলে নগদ ধন । অৱশ্য়ে চিচি কেমেৰাত আৱদ্ধ হৈছে চুৰি কাৰ্যৰ কিছু দৃশ্যাংশ । পুৱা এই বিষয়ে জানিব পাৰি ব্যৱসায়ীজনে ক্ষেত্ৰী থানাৰ আৰক্ষীক অৱগত কৰে (Case registered at Khetri police station)। সম্প্ৰতি ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details