অসম

assam

ETV Bharat / videos

Road side vendor attacked in Tinsukia: দুৰ্বৃত্তৰ আক্ৰমণত ঢলি পৰিল পদপথৰ ব্যৱসায়ী

By

Published : Jan 18, 2023, 9:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

তিনিচুকীয়া চহৰৰ মাজ-মজিয়াত দিন দূপৰতে সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা(Road side vendor attacked in Tinsukia) ৷  তিনিচুকীয়াৰ জি এন বি পথত(Tinsukia GNB Road) পদপথৰ এগৰাকী আপেল ব্যৱসায়ীক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত ব্যৱসায়ীগৰাকী(Road side vendor attacked by miscreants) ৷ প্ৰাপ্ত তথ্য অনুসৰি, দুজন যুৱকে পদপথৰ ব্যৱসায়ীজনৰ পৰা ফল খাবলৈ বিচৰাত বাধা দিয়াৰ কাৰণেই যুৱকজনক চোকা অস্ত্ৰৰে কৰে আক্ৰমণ  ৷ দুই যুৱকৰ আক্ৰমণৰ ফলত ব্যৱসায়ীগৰাকীৰ হাতৰ পৰা অত্যাধিক ৰক্তক্ষয় হোৱাৰ লগতে বাগৰি পৰে ৷  

পদপথৰ ব্যৱসায়ীগৰাকীক আক্ৰমণ কৰিয়েই পলায়ন কৰে দুই দুৰ্বৃত্তই ৷ কিছু সময় পিচতেই ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰক্ষী(Tinsukia Police) ৷ ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰেৰণ কৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ(Tinsukia Civil Hospital) ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ আক্ৰমণ সংঘটিত কৰা দুই দুৰ্বৃত্ত নিচাসক্ত অৱস্থাত থকা বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷  

দিন-দূপৰতে চহৰখনৰ মাজ-মজিয়াত সংঘটিত হোৱা ঘটনাই স্বাভাৱিকতেই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ অসংখ্যলোকৰ সমাগত ঘটনা জি এন বি পথত আক্ৰমণ সংঘটিত কৰি কেনেকৈ দুই দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হ’ল তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্ন ৷ লগতে প্ৰশ্ন হয়, চহৰৰ মাজ-মজিয়াতো সুৰক্ষিত নহয় নেকি সাধাৰণ জনতা ৷ এয়াই প্ৰথম নহয়, পূ্ৰ্বেও তিনিচুকীয়া চহৰত এনে ঘটনা সংঘটিত হোৱাৰ বহু দৃষ্টান্ত আছে ৷ 

গতিকে, সাধাৰণ জনতাৰ নিৰাপত্তাৰ ক্ষেত্ৰত তিনিচুকীয়া প্ৰশাসনে সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এতিয়া দুই দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়াহে হ’ব লক্ষণীয় বিষয় ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details