অসম

assam

ETV Bharat / videos

জেটুলিপকা আৰু আপেলৰ মিশ্ৰণ - এণ্টিঅক্সিডেণ্ট

By

Published : Jul 31, 2020, 2:57 PM IST

আপেল আৰু জেতুলিপকাৰ উপকাৰিতাৰ সৈতে আপোনাৰ পিয়াহ দূৰ কৰাত সহায় কৰিব এই বিশেষ মিশ্ৰণে ৷ জেতুলিপকা আৰু আপেল দুয়োবিধ ফলেই এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ ৷ ই আপোনাৰ শৰীৰৰ বাবে হানিকাৰক উপাদান সমূহৰ পৰা ৰক্ষা কৰাৰ লগতে,আপোনাৰ শৰীৰ চাফা কৰি ৰখাত সহায় কৰিব ৷ এই ফলত থকা আঁহে মধুমেহ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ৷ ভাৰতীয় জেটুলিপকা ইউৰোপীয় জেটুলিপকাৰ তুলনাত অধিক সুস্বাদু আৰু টেঙা হয় ৷ কিন্তু ই সকলো সময়তে উপলব্ধ নহয় ৷ তেনে সময়ত আপুনি বজাৰত উপলব্ধ জেটুলিপকাৰ মিশ্ৰণ ক্ৰয় কৰিব পাৰে ৷ নাইবা আপুনি নিজেও এটা চচপেনত অলপ পানী, চেনী আৰু জেটুলিপকা গৰম কৰি এই মিশ্ৰণ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে ৷ ইয়াক অধিক সুস্বাদু কৰি তুলিবৰ বাবে অকণমান নেমুৰ ৰসো মিহলাব পাৰে ৷ জেতুলিপকাৰ এই মিশ্ৰণ বাৰুকৈয়ে উপযোগী ৷ কেক,পেনকেক,আইচক্ৰীম আদিত ইয়াৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে ৷

ABOUT THE AUTHOR

...view details