অসম

assam

By

Published : Nov 8, 2022, 12:20 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Rasslila at Kaliabor: কলিয়াবৰৰ ৰাসত কেলি-গোপাল

শৰৎকালৰ বিতোপন পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ প্ৰেমৰ ৰাসক্ৰীড়াই কলিয়াবৰৰ আকাশ-বতাহ মুখৰিত কৰিছে । ইতিহাস প্ৰসিদ্ধ হাটবৰ হাজাৰ অন্তৰ্গত পোন্ধৰগঞা ৰাইজে আড়ম্বৰপূৰ্ণভাৱে ৰাসক্ৰীড়া পৰিৱেশন কৰে । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন‍্যতম মুখ্য ধৰ্মীয় উৎসৱ (Sri Krishna Ras at Kaliabor) । মূলতঃ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও কলিয়াবৰত শ্ৰীমন্ত শঙ্কৰদেৱ ( Srimanta Sankardeva) বিৰচিত অঙ্কীয়া নাট 'কেলি-গোপাল' অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে পালন কৰি অহা হৈছে (Ankhiya Bhaona Kelly-Gopal)। এইবেলিও কলিয়াবৰৰ বিভিন্ন স্থানত 'কেলি-গোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাস উদ্‌যাপন কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details