অসম

assam

ETV Bharat / videos

Missing in Teok: সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা সন্ধানহীন এজন লোক - Missing at Saruoathar

By

Published : Nov 15, 2022, 9:49 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

টীয়ক সমষ্টিৰ অন্তৰ্গত ২ নং ফেচুৱাল শিংবলিয়া গাঁৱৰ নিবাসী বিজয় বৰাইক যোৱা ৯ নৱেম্বৰৰ পৰা সৰুপথাৰৰ পৰা ৰে'ল যোগে টীয়কৰ ফেঁচুৱালৰ নিজা গৃহৰ অভিমুখে আহি থকা অৱস্থাত সন্ধানহীন হয় (Missing at Saruoathar)। উল্লেখযোগ্য যে সৰুপথাৰৰ মুকৰু ভূমিজ নামৰ আত্মীয়ৰ ঘৰত এটি মাংগলিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ যোৱা বিজয় বৰাইক ৫ নৱেম্বৰত ৰে'ল যোগে সৰুপথাৰৰ আত্মীয়ৰ ঘৰলৈ গৈ ৮ নৱেম্বৰত আত্মীয়ৰ উপস্থিতিত এখন বাহনেৰে সৰুপথাৰ ৰে'ল ষ্টেচনলৈ আহিছিল (Missing in Sarupathar rail station) । কিন্তু যোৱা ৮ দিনে ৫০ বছৰীয়া লোকজনৰ কোনো শুংসূত্ৰ নাপাই পত্নী অনিতা বৰাইকে লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । বৰ্তমানলৈকে সন্ধানহীন লোকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। সন্ধানহীন ব্যক্তিজনৰ সন্দৰ্ভত যদি কোনো লোকে শুংসূত্ৰ পাই তেতিয়াহ'লে 7636846025 ফোন নম্বৰ নতুবা স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details