অসম

assam

ETV Bharat / videos

New year 2023 :যোৰহাটত ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজকাৰীৰ ভিৰ

By

Published : Jan 1, 2023, 6:32 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

আজি পহিলা জানুৱাৰী (New year celebration in Assam)। চাওতে চাওতে কেলেণ্ডাৰৰ পৰা আৰু এটা বছৰে মেলানি মাগিলে ৷ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৩ বৰ্ষতো আৰম্ভ কৰিছে সকলোৱে ৷ সকলোৱে মংগল কামনাৰে বিভিন্ন মঠ-মন্দিৰ, সত্ৰ- নামঘৰত ভিৰ কৰিছে ৷ বছৰৰ প্ৰথম দিনটোত লোকাৰণ্য হৈ পৰিল যোৰহাট (New year celebration in Jorhat)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলে আজি যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰ পাৰত থকা মনোমোহা বনভোজস্থলী নিমাতী আৰু হাতীশালত ভিৰ কৰা পৰিলক্ষিত হয় । আনহাতে, যোৰহাট হাতীশালৰ ইক' পাৰ্কত এইবাৰ বনভোজকাৰী দলৰ ব্যাপক সমাগম হয় ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details