অসম

assam

Elephant terror in Sonari: সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত

By

Published : Nov 12, 2022, 12:03 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

চৰাইদেউ জিলাৰ সোণাৰিত হাতী-মানুহ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে (Man-Elephant conflict in Charaideo)। ইয়াৰ মাজতেই শুকুৰবাৰে সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয় (man killed in elephant attack at Sonari)। সোণাৰি নগা নদী বনগাঁৱৰ ড'লাণ্ড মুণ্ডা নামৰ লোকজনৰ বনৰীয়া হাতীৰ গচকত থিতাতে মৃত্য়ু হয় । খৰি লুৰিবলৈ যাওঁতে বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে । স্থানীয় ৰাইজে সন্ধিয়া মৃতদেহ উদ্ধাৰ কৰে । ইপিনে,উক্ত ঘটনাটোৰ বিষয়ে খবৰ দিয়াৰ পিছতো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় (people react against forest department at Sonari)। ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে এই অঞ্চলটোত তাণ্ডৱ চলাই আহিছে যদিও হাতী নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । ইফালে,হাতীয়ে প্ৰতিদিনেই বিঘাই বিঘাই পকা ধান নষ্ট কৰাত কৃষক ৰাইজে হাঁহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details