অসম

assam

ETV Bharat / videos

Kali puja at Jonai: জোনাইৰ ঐতিহ্যমণ্ডিত বাহিৰ জ’নাই কালী মন্দিৰত ভক্তৰ ভিৰ - ঐতিহ্যমণ্ডিত বাহিৰ জ’নাই কালী মন্দিৰত ভক্তৰ ভিৰ

By

Published : Oct 24, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

আজি কালী পূজা (Kali puja celebrated in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ বিভিন্ন কালী মন্দিৰ সমূহতো পুৱাৰে পৰা দেখা গৈছে অগণন ভক্তৰ ভিৰ (Kali puja at Jonai)। ইয়াৰে জোনাইৰ ঐতিহ্যমণ্ডিত বাহিৰ জ'নাই কালী মন্দিৰত দেখা গৈছে পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ। উল্লেখ্য যে বাহিৰ জ'নাই কালি মন্দিৰত মা কালীৰ ওচৰত বিছাৰিলে নিজৰ কামনা-বাঞ্ছা সিদ্ধি হৈ বুলি আগৰে পৰা এক লোক বিশ্বাস আছে ৷ যাৰ বাবে এইটো কালি মন্দিৰলৈ দূৰ-দূৰণিৰ পৰা মা কালীৰ আশীষ বিচাৰি আহে অগণন ভক্ত। এই কালী মন্দিৰটোত বলি বিধান নহয় যদিও মা কালীৰ ওচৰত আশীষ বিচাৰি মনৰ বাঞ্ছা পূৰ্ণ হোৱা কিম্বা নিজৰ তথা পৰিয়ালৰ মংগল কামনা কৰি মা কালীৰ চৰণত ভক্তগণে উৎসর্গা দিয়ে শ শ ছাগলী, পাৰ ইত্যাদি ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details