অসম

assam

ETV Bharat / videos

Sankardev Sangha controversy: অশুভ শক্তিৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান মন্ত্ৰী মহনৰ - Family expelled by Sankardev Sangha at Sonari

By

Published : Oct 29, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

পুনৰ বিতৰ্কত শংকৰ সংঘ (Sankardev Sangha controversy again) ৷ বিগত কিছুদিন পূৰ্বে আহোমসকলৰ পৱিত্ৰ চকলং বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই শংকৰ সংঘৰ পৰা কেইজনমানক বহিষ্কাৰ কৰাৰ বিতৰ্কৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ এক বিতৰ্কত সোমাল শংকৰ সংঘ ৷ এইবাৰ শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক (Family expelled by Sankardev Sangha at Sonari)। সোণাৰিত বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱা বাবেই শংকৰদেৱ সংঘৰ পৰা আঁতৰি আহিব লগা হৈছিল সংঘৰ বহু কেইগৰাকী সদস্য। শংকৰদেৱ সংঘৰ এই বিতৰ্কই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেট মন্ত্ৰী যোগেন মহনে কয় (Jogen Mohan react on Sankardev Sangha controversy) যে সমাজৰ বিভেদকামী শক্তিৰ বিৰুদ্ধে সকলো সজাগ হ'ব লাগিব । এই ক্ষেত্ৰত আলোচনা কৰি সমাজখনক আগবঢ়াই নিব লাগিব বুলি তেওঁ মন্তব্য় কৰে । আহোমৰ পৰম্পৰাত যাতে কোনো ধৰণৰ ব্যাঘাত হ'ব নোৱাৰে তাক লৈ আলোচনা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details