অসম

assam

ETV Bharat / videos

Infants death body recovered in Rangia: ৰঙিয়াত নৱজাতকৰ মৃতদেহ উদ্ধাৰ - Neonatal death body recovered near Baralia River

By

Published : Oct 23, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

মানৱ সভ্যতা যিমানেই আগবাঢ়িছে তাৰ মাজতে এচাম মানুহৰ কাম-কাজে সকলোকে লজ্জানত কৰিছে । ৰঙিয়াত তেনে জীৱশ্ৰেষ্ঠ মানুহৰ এক অমানৱীয় কাণ্ড দেওবাৰে পোহৰলৈ আহে । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰলীয়া নৈৰ দলঙৰ তলত দেওবাৰে এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হয় (Infants body recovered at Rangia)। বৰলীয়া নৈৰ বালি চাপৰিত কন্যা নৱজাতকটো (Neonatal death body recovered near Baralia River) এটি পলিথিনত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ । প্ৰাতঃভ্ৰমণলৈ যোৱা কেইগৰাকীমান লোকে প্ৰত্যক্ষ কৰে কন্যা নৱজাতকটো । অবৈধ প্ৰেমৰ কৰুণ পৰিণতি ঢাকিবলৈ এনেদৰে প্ৰায় সাত মহীয়া ভ্ৰুণটো হত্যা কৰি পেলাই থৈ গৈছে বুলি ৰাইজে মন্তব্য় কৰিছে । নৱজাতকৰ মৃতদেহটো মেৰিয়াই ৰখা অৱস্থাত তামুলপুৰ জিলাৰ ঘগ্ৰাপাৰৰ এখন বস্ত্ৰালয়ৰ বেগ এটা উদ্ধাৰ হৈছে । পিছত ৰাইজে ৰঙিয়া আৰক্ষীক (Rangia Police recovered infants death body) খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details