Illicit liquor trade in Assam :আমগুৰিত চাৰিটাকৈ চুলাই ভাটী উচ্ছেদ - Illicit liquor trade in Assam
ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বেহা (Illicit liquor trade in Assam)। ৰাজ্য়খনৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ আমগুৰিৰ চুকে কোণেও একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে বিক্ৰী কৰি আহিছে চুলাই । ইয়াৰ মাজতেই অঞ্চলটোৰ বিভিন্ন স্থানত থকা চুলাইৰ অবৈধ ঘাটিৰ বিৰুদ্ধে আৱকাৰী বিভাগে চলালে অভিযান (Illegal liquor trade in Amaguri)। আবকাৰী বিভাগে চাৰিটাকৈ চুলাই ভাটী উচ্ছেদ কৰাৰ লগতে নষ্ট কৰিলে চুলাই প্ৰস্তুত কৰা পাচ আৰু সামগ্ৰী । আমগুৰিৰ দেওৰজা, মানটনীয়া, ৰ'দঘাইটিং, জেহেনীয়া, হালোৱাটিঙত চলোৱা অভিযানকালত আবকাৰী বিভাগে বাঁহনিৰ তলত, পুখুৰীত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰি প্ৰায় ১৫০০ লিটাৰ চুলাইৰ পাচ নষ্ট কৰে ।
Last Updated : Feb 3, 2023, 8:35 PM IST