অসম

assam

ETV Bharat / videos

Illegal sand mining at Rangia: অবৈধ বালি খনন কৰিবলৈ দিয়া নহ'ব: ভৱেশ কলিতা

By

Published : Nov 9, 2022, 11:18 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰঙিয়াৰ নোনা নৈত বালি মাফিয়াই বান্ধ বান্ধি দিনে-নিশাই চলাইছে অবৈধ খনন (Illegal Sand mining at Rangia )। এই কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বালি মাফিয়াৰ বিৰূদ্ধে সৰৱ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই অবৈধ ভাৱে বালি খনন কৰিবলৈ দিয়া নহ'ব বুলি সঁকীয়াই দিছে (State BJP president react on Illegal sand mining)। অৱশ্য়ে অবৈধ ভাৱে বালি কাটি থকাটো বন্ধ কৰি উপায়ুক্তৰ লগত আলোচনা কৰি এই কাৰ্য বৈধ কৰিবলৈ দিয়া হ'ব বুলি তেওঁ কয় ( illegal sand mining in Nona river) । ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় ," চৰকাৰে ৰাজহ পাওঁক, ব্যৱসায় ভালদৰে কৰক, কিন্তু অবৈধভাৱে ব্যৱসায় চলিব দিয়া নহ'ব। " ইফালে,সাংসদ ভূৱনেশ্বৰ কলিতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৈধ ব্যৱসায়ত কোনো বাধা নাই (MP Bhubaneswar Kalita react on illegal sand mining) । কিন্তু অবৈধ ব্যৱসায় বিজেপি চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি তেওঁ সকীয়াই দিয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details