অসম

assam

ETV Bharat / videos

Ganja seized in Guwahati: গুৱাহাটী ৰে'লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - Ganja seized in Guwahati Rail Station

By

Published : Jan 7, 2023, 5:13 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ (Ganja seized in Guwahati Rail Station)। ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীত শনিবাৰে ৰাজধানী এক্সপ্ৰেছৰ B11 ডবাৰ পৰা জব্দ কৰা হৈছে ১২ কিলোগ্ৰাম গাঞ্জা (GRP seized Ganja in Rajdhani Express)। এটা বেগত সৰু সৰু টোপোলাত আনিছিল জব্দকৃত গাঞ্জাখিনি । এই গাঞ্জাখিনি দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে । অৱশ্য়ে এই ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰে'ল আৰক্ষীয়ে । জব্দকৃত গাঞ্জাখিনিৰ বজাৰৰ মূল্য ৬০ লাখ টকা । ইপিনে,শুক্ৰবাৰে ৰে'ল আৰক্ষীয়ে অভিযান চলাই তাম্বাৰম এক্সপ্ৰেছৰ পৰা জব্দ কৰে ৪২ কিলগ্ৰাম গাঞ্জা । জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য প্ৰায় ২০ লাখ টকা । দুটা ব্ৰীফকেছট অনা হৈছিল উক্ত গাঞ্জাখিনি । ডিব্ৰুগড়ৰ পৰা তামিলনাডু অভিমুখী ৰে'লখনত ডিমাপুৰৰ পৰা অনা হৈছিল গাঞ্জাখিনি ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details