Chocolate Rum Balls : ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব ডাৰ্ক ৰাম বলচ্ ? - কেনেকৈ প্ৰস্তুত কৰা হয় ডাৰ্ক ৰাম বলচ্
‘উৎসৱ আৰু মিঠাই’ এটাক বাদ দি আনটো আধৰুৱা ৷ উৎসৱ বুলি ক’লেই মিঠাই তথা সুস্বাদু খাদ্য অতি আৱশ্যক হৈ পৰে ৷ এক প্ৰকাৰে ক’ব পাৰি যে, উৎসৱৰ দিনকেইটাত মিঠাই অবিহনে আধৰুৱা হৈ পৰে ৷ এই উৎসৱৰ বতৰত আনন্দৰ উৎসাহ যাতে ম্লান নপৰে তাৰ বাবে আমি লৈ আহিছো এক উপায় ৷ ঘৰতে সুস্বাদু মিঠাই প্ৰস্তুত কৰি পৰিয়াল তথা আপোনজনৰ মাজত চটিয়াই দিয়ক আনন্দ আৰু মিঠাইৰ ৰং ৷ সেয়ে ঘৰতে অতি সহজে প্ৰস্তুত কৰক ‘ডাৰ্ক ৰাম বলচ্’ (Chocolate rum balls are easy to make) ৷ শিশুসকলৰ বাবে অতি প্ৰিয় খাদ্য ‘ডাৰ্ক ৰাম বলচ্’ (Chocolate Rum Balls) ৷ আহক এই ৰেচিপ শিকক আৰু জিভাৰ জুতি লওক ৷