Fit India Freedom Run 3.0: ৰঙিয়াত ফিট ইণ্ডিয়া ফ্ৰীডম 3 ৰ বিশাল ৰেলী - কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়
ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ (Sports and Youth Welfare department) নিৰ্দেশত কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ (District Sports Office Kamrup) উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰঙিয়াত শনিবাৰে ফিট ইণ্ডিয়া ফ্ৰীডম 3 ৰ (Fit India Freedom Run 3) বিশাল ৰেলী অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে ৰঙিয়াত বিশাল ৰেলী উলিওৱা হয় (Fit India Freedom Run 3 rally at Rangia) । এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়, ক্লাব-সংঘ আদিৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত ৰেলীৰ ফ্লেগ অ'ফ কৰে কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিংহ বে'য়ে (DDC of Kamrup District Narsingha Bay) । এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়াৰ মহকুমাধিপতি সুৰেশ ৰাহুল জাবিৰ আৰু অগ্ৰণী বেঙ্ক প্ৰৱন্ধক ধৰ্মেন্দ্ৰ সিং । ৰঙিয়া নগৰৰ মাজমজিয়াৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়া অনুৰাগীসহ পদযাত্ৰা কৰে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST