অসম

assam

ETV Bharat / videos

Storm at Kaliabor:কলিয়াবৰত দিপাৱলীৰ নিশা ধুমুহাৰ তাণ্ডৱ

By

Published : Oct 25, 2022, 11:56 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

সমগ্ৰ ৰাজ্য়ত উলহ মালহেৰে কালি পালন কৰা হয় পোহৰৰ উৎসৱ দিপাৱলী । বতৰে যদিও এই উৎসৱ পালন কৰাত কিছু পৰিমাণে ব্যাঘাত জন্মাইছিল তথাপিও কিন্তু পোহৰৰ উৎসৱটি পালন কৰাত কোনো পাছপৰি ৰোৱা নাই । ইয়াৰ মাজতেই আহিল ধুমুহা (Storm at Kaliabor) । অসমৰ বিভিন্ন স্থানৰ লগতে কলিয়াবৰতো চিত্ৰাঙৰ প্ৰভাৱ (Influence of Sitrang at Kaliabor) দেখিবলৈ পোৱা গৈছে । কলিয়াবৰত সোমবাৰৰ নিশা ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে । বিভিন্ন স্থানত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি বিস্তৰ ক্ষয় ক্ষতি হৈছে । কলিয়াবৰৰ বামুণী, শাকমুঠীয়া চাহ বাগিচা, বৰালীগাঁও, হাতীগাঁও আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ মাজতে বামুণী অঞ্চলত ৰাণু বেগমৰ ঘৰত গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে । অৱশ্য়ে কোনোমতে ঘৰৰ সদস্য়সকলৰ প্ৰাণ ৰক্ষা পৰে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details