অসম

assam

Education Minister Ranoj Pegu: বদলি বিচৰা শিক্ষকৰ বাবে সুখবৰ

By

Published : Nov 3, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

বদলিৰ বাবে আবেদন কৰিব বিচৰা অসমৰ শিক্ষকসকলৰ বাবে সু-খবৰ (Application for individual transfer of teacher)। বুধবাৰে মৰাণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে এতিয়াৰে পৰা শিক্ষকসকলে শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম পালন কৰি একপক্ষীয়ভাৱে (নিজাববীয়াকৈ) বদলিৰ বাবে আবেদন কৰিব পাৰিব (Education Minister Dr Ranoj Pegu)। তেওঁ পুনৰ কয় যে এতিয়াই এই আবেদন কৰিবলৈ সুযোগ দিয়া হৈছে । অৱশ্য়ে কিছুদিন পিছতেই এই আবেদন প্ৰক্ৰিয়া বন্ধ কৰা হ'ব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে । সকলো আবেদন পৰীক্ষা কৰি এই সুযোগ আগবঢ়োৱা হ'ব বুলি কয় শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে । তেওঁ পুনৰ কয় যে ইতিমধ্যে 8 হাজাৰ শিক্ষকক বুজাবুজিৰে বদলি কৰা হৈছে (Mutual transfer of teachers)। আনহাতে, যিসকল বিভিন্ন কাৰণত বদলি নোহোৱাকৈ ৰৈ গ'ল তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details