অসম

assam

ETV Bharat / videos

MP Naba Kumar Sarania: তিনি মাহৰ ভিতৰত পোহৰলৈ আহিব নৱ কুমাৰ শৰণীয়াৰ আচল পৰিচয় ! - Report of CID on caste certificate

By

Published : Dec 27, 2022, 12:51 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰক লৈ চলা বিতৰ্কৰ অন্ত পৰা নাই (Controversy over MP Naba Kumar Sarania caste certificate)। উত্থাপিত অভিযোগ অনুসৰি ভুৱা জনজাতিৰ প্ৰমাণপত্ৰেৰে সাংসদ হোৱা নৱ কুমাৰ শৰণীয়া প্ৰকৃততে অন্যান্য পিছপৰা শ্ৰেণীৰ লোক (Reaction on Naba Kumar Sharanias caste certificate)৷ ৰাজ্য চৰকাৰৰ অপৰাধ অনুসন্ধান শাখাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য় (Report of CID on caste certificate) ৷ উল্লেখ্য যে সাংসদ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰক লৈ উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে ৷ ইতিমধ্যে অৱসৰপ্ৰাপ্ত বিষয়া জনকলাল বসুমতাৰীয়ে তৰা গোচৰটোৰ ভিত্তিত অপৰাধ অনুসন্ধান শাখাই এই তথ্য দাখিল কৰিছে ৷ মঙলবাৰে জনকলাল বসুমতাৰীয়ে তৰা গোচৰটোৰ অধিবক্তা ত্ৰৈলোক্যজিত গয়াৰী আৰু বিমল মুছাহাৰীয়ে মুছলপুৰত কয় যে অহা তিনি মাহৰ ভিতৰত পোহৰলৈ আহিব সাংসদগৰাকীৰ প্ৰকৃত তথ্য ৷ অধিবক্তাদ্বয়ে উল্লেখ কৰা মতে, সাংসদ নৱ কুমাৰ শৰণীয়াৰ পিতৃ লক্ষীকান্ত শৰণীয়াই অন্যান্য পিছপৰা শ্ৰেণীৰ লোক বুলি উল্লেখ কৰিছিল ৷ সেইবাবে অচিৰেই পোহৰলৈ আহিব সাংসদ নৱ কুমাৰ শৰণীয়াৰ পৰিচয় ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details