Namghar Samaroh: নামঘৰ সমাৰোহত মুখ্যমন্ত্ৰী
উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্ৰৰ নামঘৰ সমাৰোহৰ আজি অন্তিম দিন (Namghar Samaroh at North Guwahati)। দেওবাৰে পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা আউনীআটী সত্ৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma at Auniati Satra) । মুখ্যমন্ত্ৰীগৰাকীয়ে এই নাম ধৰ্মই অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে । নামঘৰক প্ৰতীকপট হিচাপে লৈ আয়োজন কৰা নামঘৰকেন্দ্ৰীক অসমৰ এক সৰ্ববৃহৎ অনুষ্ঠান "নামঘৰ সমাৰোহ"ত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ যি নিদৰ্শন সেয়া আজি প্ৰতীয়মান হৈছে বুলি মন্তব্য় কৰে । উল্লেখ্য় যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বালিচৰৰ নৈসৰ্গিক পৰিৱেশত আয়োজন হৈছে ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানটি । আজি দিহা নাম,নাগাৰা নামকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত শ শ ভকত বৈষ্ণৱ, বাপ বন্ধুৰ আগমনে বৰলুইতৰ বুকুত সিঁচিছে আনন্দৰ সঁফুৰা ।
Last Updated : Feb 3, 2023, 8:34 PM IST