অসম

assam

ETV Bharat / videos

Childrens Day2022: অসম জাতীয় বিদ্যালয়ত ভেশচন প্ৰতিযোগিতা - Competition in Asom Jatiya Bidyalay

By

Published : Nov 14, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে সোমবাৰে নুনমাটিৰ অসম জাতীয় বিদ্যালয়তো ভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয় (Childrens Day celebrated Guwahati)। এই দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনত অংকুৰ, প্ৰাক্ প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ভেশচন প্রতিযোগিতা অনুষ্ঠিত হয় (Competition in Asom Jatiya Bidyalay) । আনহাতে, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ছবি অঁকা প্রতিযোগিতা, চতুর্থ আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ আকস্মিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয় । ইপিনে, ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ থিতাতে লিখা সাহিত্য প্রতিযোগিতা অনুষ্ঠিত হয় । এই দিৱসতে হাতেলিখা আলোচনী তথা শিল্পকলাৰ প্ৰদৰ্শনী এখনো মুকলি কৰা হয় (Art Exhibition at Asom Jatiya Bidyalay)। এই প্ৰদৰ্শনীখন মুকলি কৰে বিশিষ্ট গল্পকাৰ তথা উপন্যাসিক ড৹ মৃণাল কলিতাই ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details