অসম

assam

Distribution of Earthen lights: শিৱসাগৰত ভাৰতীয় জনতা মজদুৰ সংঘৰ মাটি চাকি বিতৰণ

By

Published : Oct 23, 2022, 3:18 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

কাইলৈ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী ৷ দীপাৱলীৰ প্ৰাকক্ষণত শিৱসাগৰত ভাৰতীয় জনতা মজদুৰ সংঘই এক ইতিবাচক পদক্ষেপ হাতত লৈছে ৷ ভাৰতীয় জনতা মজদুৰ সংঘৰ (Bharatiya Janata Mazdoor Sangh)শিৱসাগৰ জিলা কৰ্মীসকলে মুক্তিনাথ চাৰিআলিত বিভিন্নজন মৃৎ শিল্পী তথা মাটি চাকি বিক্ৰেতাৰ পৰা চাকি ক্ৰয় কৰি বিভিন্নজনৰ মাজত বিতৰণ কৰিছে (Bharatiya Janata Mazdoor Sangh Distribute clay candles) ৷ থলুৱা মৃৎ শিল্পীয়ে নিৰ্মাণ কৰা মাটি চাকি সমূহ যাতে চাহিদাৰ অভাৱত লোকচানৰ সন্মুখীন নহয় সেই উদেশ্য বৃহৎ পৰিমাণৰ মাটিৰ চাকি ক্ৰয় কৰি সাধাৰণ লোকৰ মাজত বিতৰণ কৰে ভাৰতীয় জনতা মজদুৰ সংঘই (Distribute Earthen lights in Sivasagar) ৷ তদুপৰি ৰাইজক চীনা সামগ্ৰীৰ পৰিৱৰ্তে মাটিৰ চাকি ক্ৰয় কৰি থলুৱা শিল্পটোক জীয়াই ৰখাৰ আহ্বান জনাইছে জনতা যুৱ সংঘৰ সাধাৰণ সম্পাদক বিতুমন মহনে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details