অসম

assam

ETV Bharat / videos

তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ডত ছাৰখাৰ হ’ল এটা কপাহৰ গুদাম - বিধ্বংসী অগ্নিকাণ্ড

By

Published : Apr 7, 2022, 11:32 AM IST

Updated : Feb 3, 2023, 8:22 PM IST

তিনিচুকীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (Fire breaks out in Tinsukia) । এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় এটা কপাহৰ গুদাম । তিনিচুকীয়া ন-পুখুৰী নিউ ডেভলপমেণ্টৰ জ্যোতি নগৰস্থিত এটা কপাহৰ গুদামত বুধবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই অঘটন (Fire incident in Tinsukia) ৷ তথ্য অনুসৰি, এই অগ্নিকাণ্ডত বিকাশ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ এটা কপাহৰ গুদামত হঠাৎ লাগে জুই ৷ এই জুইত নিমিষতে জাহ যায় গুদাম ঘৰটো । প্ৰায় চাৰিখনকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেই সন্দৰ্ভত বৰ্তমানো জানিব পৰা হোৱা নাই কোনো তথ্য ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details