Eviction Drive at Badarpur: কৰিমগঞ্জৰ বদৰপুৰত চলিল প্ৰশাসনৰ বুলড'জাৰ
কৰিমগঞ্জৰ বদৰপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction Drive at Badarpur)। কটকটীয়া নিৰাপত্তাৰ মাজত বদৰপুৰৰ নেতাজী নগৰত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ পৌৰ এলেকাৰ প্ৰায় ৮ খন ঘৰৰ সম্মুখ ভাঙি বেদখলমুক্ত কৰে কৰিমগঞ্জ প্ৰশাসনে । বদৰপুৰ পৌৰ এলেকাৰ অন্তৰ্গত নেতাজী নগৰৰ ১, ২ আৰু ৪ নং ৱাৰ্ডৰ একাংশ লোকে নলাৰ ওপৰতে অবৈধভাবে ঘৰ নিৰ্মাণ কৰিছিল । পৌৰসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে সোমবাৰে বদৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে উক্ত স্থানত উচ্ছেদ চলোৱা হয় ।
Last Updated : Feb 3, 2023, 8:21 PM IST