অসম

assam

ডাংকি মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱী মন্দিৰলৈ যায় শ্বাহৰুখ খান

ETV Bharat / videos

ছবি মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ ল’লে শ্বাহৰুখ খানে, এবছৰত তৃতীয়বাৰৰ বাবে মন্দিৰ দৰ্শন - মন্দিৰ দৰ্শন শ্বাহৰুখ খানৰ

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 12:21 PM IST

চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: ২১ ডিচেম্বৰত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব শ্বাহৰুখ খান অভিনীত ছবি ‘ডাংকি’ ৷ ইফালে ছবিখনৰ মুক্তিৰ পূৰ্বে মঙলবাৰে পুৱা জম্মুৰ কাট্ৰাৰ বৈষ্ণো দেৱী মন্দিৰত দেখা গ’ল শ্বাহৰুখ খানক । এবছৰৰ ভিতৰত এয়া তৃতীয়বাৰৰ বাবে মন্দিৰত দৰ্শন কিং খানৰ । কেৱল ইমানেই নহয়, আনকি তেওঁৰ ছবি পাঠান আৰু জৱান মুক্তি পোৱাৰ পূৰ্বেও অভিনেতাগৰাকীয়ে বৈষ্ণো দেৱীৰ আশীৰ্বাদ ল’বলৈ মন্দিৰলৈ গৈছিল ৷ অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰতিখন ছবি মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ লোৱাটো যেন এক প্ৰকাৰে নিয়মলৈ পৰিণত হৈছে। এটা সংবাদ সংস্থাই প্ৰকাশ কৰা এটা ভিডিঅ’ত শ্বাহৰুখ খানক জম্মুৰ পবিত্ৰ মন্দিৰৰ এটা পথত তেওঁৰ দেহৰক্ষী আৰু মেনেজাৰৰ সৈতে খোজ কাঢ়ি যোৱা দেখা গৈছে । এই সময়চোৱাত অভিনেতাগৰাকীয়ে পৰিধান কৰিছিল হুডি আৰু ক’লা পাফাৰ জেকেট । তেওঁৰ লগত তেওঁৰ মেনেজাৰ পূজা দাদলানীকো দেখা গৈছিল ।

ABOUT THE AUTHOR

...view details